Newsnextone | ডিজিটেল ডেস্কঃ আপুনি যদি বৃদ্ধ, ৰুগীয়া অথবা আঘাতপ্ৰাপ্ত হৈ চিকিত্সাধীন হৈ আছে, তেন্তে আধাৰ কাৰ্ডৰ সবিশেষ সম্প্ৰতি বেংকত জমা নিদিলেও চলি থাকিব আপোনাৰ একাউণ্ট। কেন্দ্ৰ চৰকাৰে বুধবাৰে সন্ধিয়া জাৰি কৰা এখন জাননিযোগে এই কথা জনাইছে।
বেংকত পৰিচয়ৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ড বাধ্যতামূলক কৰিছে যদিও উক্ত চৰ্তসাপেক্ষে নাগৰিকে আধাৰ কাৰ্ডৰ পৰিৱৰ্তে অইন পৰিচয় পত্ৰ দি বেংকৰ লেনদেন চলাব পাৰিব বুলি জানিবলৈ দিছে। এই সন্দৰ্ভত ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ (UIDAI)ৰ মুখ্য কাৰ্যবাহী বিষয়া অজয় ভূষণে কয় যে এই সংশোধনী নীতিয়ে যথেষ্ট সকাহ দিব সমস্যাত ভূগি থকা গ্ৰাহকক৷