18
Jul
2019
![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/5a11849d-d8c4-4b18-be18-fd8d9e757b54.jpg?itok=LqjHOrsf)
জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলাৰ জাজৰিৰ ন-ভেটিস্থিত ৰূপ-ৰশ্মী সংগীত বিদ্যালয়ৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি বুধবাৰে দিনযোৰা কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয়।
নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি প্ৰথমেই পাঁচ গছি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী গজেন ৰাজখোৱা, সাংবাদিক ৰাহুল দেৱ বৰদলৈ, লেখিকা কৰবি লিগিৰা, অভিনেতা গগন চৌধুৰী আৰু যোগপ্ৰসাদ দাসে। ইয়াৰ পিছতে সংগীত বিদ্যালয়খনিৰ সঞ্চালিকা মিনা শইকীয়া বৰুৱাই আঁত ধৰা এক মনোগ্ৰাহী অনুষ্ঠানত বৰগীত, সত্রীয়া নৃত্য, গীত-মাত, আধুনিক নৃত্য আদি পৰিবেশন কৰাৰ লগতে কবিতা আবৃত্তি, আধুনিক নৃত্য আৰু সৌন্ধৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
এই প্ৰতিযোগিতা সমূহৰ কবিতা শিতানত প্ৰথম নয়নজ্যোতি ডেকা, দ্বিতীয় তনুশ্ৰী ডেকা, তৃতীয় তনুশ্ৰী …লাভ কৰে৷