নতুন দিল্লীঃ ১০ বছৰ পূৰ্বে অৰ্থাৎ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হ্ৰাসক লৈ তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী। তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক কটাক্ষ কৰি জনসভাত মোদীয়ে কৈছিল, ‘যেতিয়াই যেতিয়াই ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য পতন ঘটে, তেতিয়াই তেতিয়াই প্ৰধানমন্ত্ৰীৰ আবুৰ খহি পৰে।’’
২০১৪ত ক্ষমতা পৰিৱৰ্তনৰ পিছত বিগত দহ বছৰে দেশত শাসন চলাইছে নৰেন্দ্ৰ মোদীয়ে। আৰু এটা সময়ত ডলাৰৰ উত্থান আৰু টকাৰ পতনৰ বাবে কংগ্ৰেছ চৰকাৰক সমালোচনা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতে এতিয়া ডলাৰৰ বিপৰীতে সৰ্বকালৰ সৰ্বনিম্ন পতন ঘটিল ভাৰতীয় টকাৰ। পূৰ্বে নজিৰবিহীন ইতিহাস সৃষ্টি কৰি সোমবাৰে প্ৰতি এক ডলাৰৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হৈ পৰিল ৮৭.২৯ টকা।