মৰিয়নীঃ সমগ্ৰ উত্তৰ-পূববাসীৰ লগতে দেশবাসীক আন্ধাৰত ৰাখি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে যুদ্ধবিৰত এন এছ চি এন(আই-এম) ৰ সৈতে কৰা ফ্ৰেম-ৱৰ্ক এগ্ৰিমেন্ট শীৰ্ষক চুক্তিখনৰ তথ্য ৰাজহুৱা কৰাৰ দাবীত হৈ উঠিছে মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী।
২০১৫চনৰ আগষ্টত স্বাক্ষৰিত এই চুক্তিৰ তথ্য ফাদিলৰ দাবীত আজিৰ পৰা আমৰণ অনশনত বহিছে বিধায়ক কুৰ্মী। লক্ষ্যণীয় যে এই চুক্তিৰ তথ্য আৰ টি অাই আবেদনৰ ভিত্তিতো কেন্দ্ৰীয় চৰকাৰে ফাদিল কৰা নাই। অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ বৃহত্তৰ স্বাৰ্থ জড়িত থকা এই চুক্তি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে গোপনে ৰাখি নিৰ্বাচনী প্ৰতিশ্ৰুতি ভংগ কৰা বুলি বিধায়কজনে অভিযোগ কৰিছে।