মঙলদৈঃ শাৰীৰিক অক্ষমতা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে। প্ৰচণ্ড ইচ্ছাশক্তি থাকিলে শাৰীৰিক অক্ষমতাকো নেওচি সফল হ’ব পাৰি। শাৰীৰিক বাধাগ্ৰস্থতাৰ বাবেই হুইল চেয়াৰত বহি অৱশ হাতেৰে কলম লৈ পৰীক্ষাত অৱতীৰ্ণ হৈও মেট্ৰিকত ৮০ শতাংশ নম্বৰ লাভ কৰি শিক্ষা লাভৰ ক্ষেত্ৰত যে শাৰীৰিক বাধাগ্ৰস্থতা হেঙাৰ হব নোৱাৰে সেয়াই প্ৰমাণ কৰিলে দৰং জিলাৰ মঙ্গলদৈৰ ৰূপশিখা নাথে।
দৰং জিলাৰ মঙলদৈৰ কৰিম চকৰ বাসিন্দা তথা আৰক্ষী বিভাগত কৰ্মৰত কমলেশ্বৰ নাথ আৰু হেমন্তী নাথৰ কন্যা ৰূপশিখা নাথে সৰুতেই শাৰীৰিক বাধাগ্ৰস্থতাৰ চিকাৰ হয়। বিশেষভাৱে সক্ষম ৰূপশিখা নাথক লৈ পিতৃ মাতৃৰ চিন্তাৰ তত নাছিল যদিও আৰক্ষী বাহিনীত উপ পৰিদৰ্শক ৰূপে কৰ্মৰত ৰূপশিখাৰ পিতৃ-মাতৃয়ে প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।