newsnextone.com | জাজৰিঃ গ্ৰাম্য এলেকাৰ যোগাযোগৰ অন্যতম মাধ্যম হৈছে ডাক সেৱা৷ গ্ৰাম্য এলেকাৰ ডাকসেৱা জীয়াই ৰখা আৰু ৰাইজক সেৱা কৰি অহা ভাৰতীয় ডাক সেৱাত কৰ্মৰত গ্ৰামীন ডাক সেৱকসকলক চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত দীৰ্ঘদিনধৰি প্ৰতিবাদ কৰি আহিছে৷ কেজুৱেল পৰ্যায়ত কাম কৰি থকা ডাক সেৱকসকলক কেন্দ্ৰীয় চৰকাৰে দৰমহা বৃদ্ধি তথা চাকৰি নিয়মীয়াকৰণ নকৰাত ক্ষোভিত হৈ পৰিছে৷
যাৰ ফলত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰি ডাক সেৱকসকলে দাবী পূৰণ কৰাৰ দাবী জনায়৷ গ্ৰামীন ডাক সেৱক ইউনিয়নৰ নগাঁও জিলা সমিতিয়ে যোৱা ২২ মে’ৰ পৰা অনিৰ্দিষ্ট কালীন ধৰ্মঘট পালন কৰিছে৷ মঙলবাৰে ১৫ দিনত ভৰি দিলে ধৰ্মঘটে৷ তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ দুখৰ বেদনা বুজি পাবলৈ সক্ষম হোৱা নাই।