দলংঘাটঃ ছাত্ৰই শিক্ষা জীৱনত অধ্যয়ন আৰু সংগ্ৰাম কৰিব লাগে বুলি সভাই সমিতিয়ে ভাষণত নতুবা শ্ল’গানত শুনা যায়৷ কথাষাৰৰ মহত্ব থকাৰ বাবেই ছাত্ৰসকলে চৰকাৰৰ জনবিৰোধি সিদ্ধান্ত, অন্যায় অবিচাৰৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ তথা সংগ্ৰাম কৰে৷
ছাত্ৰসকলে দেশৰ হকে দহৰ হকে ৰাজপথত প্ৰতিবাদেৰে কেৱল সংগ্ৰাম কৰিয়ে ক্ষান্ত থাকিবনে চৰকাৰে নকৰা কাম নিজে কৰিব৷ দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ দেওমৰনৈত ছাত্ৰ-ছাত্ৰীয়ে শ্ৰমদানেৰে পথ মেৰামতি কৰি প্ৰমাণ কৰিলে চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে অধ্যয়নৰ লগতে হাতত কোৰলৈ সংগ্ৰাম কৰিব লাগিব ছাত্ৰই৷