♦ অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপনৰ দাবী
দক্ষিণ শালমাৰাঃ দেওবাৰে দিনৰ ১১ বজাত মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত টুমনী বৰাইকান্দি গাঁৱৰ ফজৰ আলীৰ ঘৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সুত্ৰপাত হয়।
ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চল জুৰি৷ অগ্নিকাণ্ডত প্ৰায় ২-৩ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়৷ এই অগ্নিকাণ্ডত বহু নথিপত্ৰ জ্বলি ভস্মীভূত হোৱাৰ লগতে বহু আ-অলংকাৰ নষ্ট হয় বুলি পৰিয়ালে পেৰকাশ কৰিছে৷
দক্ষিণ শালমাৰা সমষ্টিত এটা অগ্নি নিৰ্বাপক কেন্দ্ৰ স্থাপন কৰিবলৈ চৰকাৰক বিনম্ৰ অনুৰোধ স্থানীয় ৰাইজে। দিন হাজিৰা কৰা দুখীয়া পৰিয়ালটোৰ বাবে চৰকাৰী সাহায্য বিচাৰিছে স্থানীয় লোকে।