অভয়াপুৰীঃ ১২ বছৰৰ তলৰ কিশোৰীক ধৰ্ষণকাৰীক মৃত্যুদণ্ড-মৃত্যু পৰ্যন্ত কাৰাবাস দিয়াৰ বাবে চৰকাৰে আইনৰ সংশোধন কৰাৰ পিছতো যৌন নিৰ্যাতনৰ ঘটনা কম হোৱাৰ নাম লোৱা নাই৷ সমগ্ৰ দেশৰ জনতাক কাঠুৱা, উন্নাও কাণ্ডক লগতে দেশত সংঘটিত ধৰ্ষণ কাণ্ডই প্ৰতিবাদমুৰ কৰি তোলাৰ সময়তে ৰাজ্যত পুনৰ এক ঘৃণনীয় কাণ্ড সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে৷ এইবাৰ ককাকৰ কামনাৰ বলি হ’ল নাতিনী৷ এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাত৷

যোগীঘোপাত এগৰাকী নাতিনীক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ককাকৰ বিৰুদ্ধে৷ ইতিমধ্যে আৰক্ষীয়ে ছবুৰুদ্দিন নামৰ লোকজনক আটক কৰিছে৷ জানিব পৰা মতে, কামৰূপ জিলাৰ নগৰবেৰাৰ ছবুৰুদ্দিনে বঙাইগাও জিলাৰ যোগীঘোপাৰ পৰা নাতিনীক ঘৰলৈ লৈ আহে৷ কামৰূপ জিলাৰ নগৰবেৰাৰ ঘৰত ৰাখি ছবুৰুদ্দিনে নাতিনীক যৌন নিৰ্যাতন চলাই৷ 

প্ৰায় ৩ মাহৰ অন্তত নাতিনীয়ে ঘৰলৈ গৈ সকলো কথা কয়৷ ৭০ বছৰীয়া বৃদ্ধ ককাকৰ বিৰুদ্ধে ১৩ বছৰীয়া নাবালিকা নাতিনীয়ে এই অভিযোগ উত্থাপন কৰাত পৰিয়ালে ততাতৈয়াকৈ যোগীঘোপা আৰক্ষীৰ ওচৰ চাপে৷ কামৰূপ জিলাৰ নগৰবেৰাৰ ছবুৰুদ্দিনক নাবালিকাৰ পৰিয়ালৰ এজাহৰৰ ভিত্তিত যোগীঘোপা আৰক্ষীয়ে পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেৰাৰ অন্তত আদালতত হাজিৰ কৰে যদিও আদালতে ন্যায়িক জিম্মাত প্ৰেৰণ কৰে৷