newsnextone.com | গোৰেশ্বৰঃ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত চমক সৃষ্টি কৰিছিল বিজেপি দলে৷ ৰাজ্যখনৰ উন্নয়নৰ সকলো প্ৰতিশ্ৰুতি দিছিল দলটোৱে৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, ৰাস্তা-ঘাটৰ উন্নয়ন, কৃষকৰ সমস্যা সমাধান, বিশুদ্ধ খোৱাপানী যোগান, সংস্থাপন, ছাত্ৰীক স্কুটি প্ৰদানকে ধৰি শ-শ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি দলে৷
দলটোৱে ব্যাপক চমক সৃষ্টি কৰিছিল নিৰ্বাচনৰ পূৰ্বে৷ নিৰ্বাচনৰ পিছত গাদী দখল কৰি চমক সৃষ্টিৰ মাত্ৰা তিনিগুণ বৃদ্ধিহে হয়৷ নিৰাপত্তাৰক্ষী নোলোৱা, ৰঙা লাইট নোলোৱা, সাধাৰণ ৰাইজৰ সৈতে ট্ৰেফিক চিগনেলত ৰৈ দিয়া, বিধানসভালৈ চাইকেল লৈ অহা আদিৰে চমক সৃষ্টি কৰি মিডিয়াৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷