গুৱাহাটীঃ মাত্ৰ তেৰ বছৰ বয়সতেই এজন আৰক্ষী বিষয়াৰ ঘৰত বনকৰা ছোৱালী হিচাপে নিয়োজিত হৈছিল ববিতা ৷ প্ৰতিটো নিশা ববিতাই সহ্য কৰিবলগীয়া হৈছিল মাতাল হৈ অহা আৰক্ষী বিষয়াজনৰ শাৰীৰিক অত্যাচাৰ৷ জীৱনৰ ৰঙীন সপোন দেখাৰ সময়ত কিশোৰী ববিতাই পূৰণ কৰিবলগীয়া হৈছিল মালিকৰ ফৰমাইচ৷
'মোৰ দেউতা নাই, আমি ছগৰাকী বাই-ভনী৷ আৰ্থিক অনাটনৰ বাবে মায়ে মোক আৰু বাইদেউক বনকৰা ছোৱালী হিচাপে দুঘৰলৈ পঠিয়াই দিছিল। মায়েও কেইবাঘৰতো পাৰ্ট টাইম কাম কৰে। আমাৰ তিনিজনীয়ে যি উপাৰ্জন হৈছিল, ঘৰখন চলি গৈছিল। মোক তেতিয়া মাহত এহাজাৰ টকাত বন্দবস্ত কৰি দিয়া হৈছিল।’-চকুলো টুকি NNOৰ আগত ববিতাই কৈ গৈছিল তাইৰ জীৱনৰ তিতা-মিঠা অভিজ্ঞতা।
অলপ ৰৈ ববিতাই আকৌ আৰম্ভ কৰিছিল, 'বহুত কাম কৰিব লাগে সিহঁতৰ ঘৰত, নকৰিলে পইছা কাটিম বুলি কয়। পাছত বাইদেউৰ সন্তান এটা জন্ম হওঁতে তাকো ৰখিবলগীয়া হৈছিল। ছাৰ বৰ বেয়া মানুহ আছিল৷ বাইদেউকো পিটে, মোকো বেয়া ব্যৱহাৰ কৰে। এবাৰ তাৰপৰা মই পলাই আহিছিলোঁ। ছাৰে মোক নিবলৈ ঘৰ ওলাইছিলহি৷ মই নাযাওঁ বুলি কোৱাত পইচা বঢ়াই দিব বুলি কৈ মাক সৈমান কৰাইছিল। মায়ে মোক আকৌ পঠিয়াই দিছিল।’
মাকক সৈমান কৰি পুনৰ যেতিয়া কামলৈ ঘূৰিছিল তাৰ পিছতেই আৰম্ভ হৈছিল ববিতাৰ আন এক যন্ত্ৰণাকাতৰ অধ্যায়। ববিতাৰ ভাষাত, 'পাছত মোৰ এটা সন্তান জন্ম হ’ল৷ তেতিয়া মোৰ বয়স ১৬ বছৰ আছিল। ছাৰে মোক পঞ্চাছ হাজাৰ টকা দিলে আৰু ভাৰা ঘৰ এটাত থাকিবলৈ বন্দবস্ত কৰি দিলে। তাতেই সম্তানটোক লৈ মই এবছৰ আছিলোঁ৷ পাছত ছাৰ ইয়াৰপৰা বদলি হৈ ক’লৈ গল মই নাজানো। ইয়াৰ পাছত অলপ দিন মই হোটেল এখনত কাম কৰিছিলোঁ। পাছলৈ মোৰ বহুত কষ্ট হ’ল৷ কাম সদায় নাপাওঁ৷ ল’ৰাটোৰ পঢ়াৰ বাবদো স্কুলত বহুত মাছুল দিব লগা হোৱাত মই ভাড়াঘৰ এৰি বস্তিলৈকে আহি গলোঁ। ইয়াতে মোৰ লগত ভাইটি এটা থাকে। এতিয়া তাৰ লগতে থাকোঁ।’
একেই ঘটনা ইন্দুহতঁৰ ঘৰতো। ইন্দুহঁতৰ ঘৰত ৫ জনী ছোৱালী। সিহঁত সৰু থাকোতেই ডকাইতৰ আক্ৰমণত হেৰাই গৈছিল দেউতাক। দেউতাক জীয়াই থকা কালত সিহঁতৰ দুবেলা দুমুঠিক লৈ সিহঁতৰ নাছিল কোনো চিন্তা। কিন্তু দেউতাকৰ মৃত্যুৰ পিছত পাচঁজনী ছোৱালীক পোহপাল দিবলৈ লৈ ভাগৰি পৰিছিল অসহায় মাতৃ। একো উপায় নেদেখি ১১-১২ বছৰ বয়সৰ পৰাই ইন্দুহতঁক আনৰ ঘৰত বনকৰা ছোৱালী হিচাপে থলে মাকে।
ইন্দুৰ দুজনী ভনীয়েক। এজনীয়ে ১৩ বছৰ আৰু আনগৰাকীয়ে ১৬ বছৰ বয়সতে অভাৱৰ ভৰ সহিব নোৱাৰি পলাই গ’ল। তাতেই কিন্ত শেষ নহ’ল তেওঁলোকৰ দুৰ্ভোগৰ কাহিনী। ১৩ বছৰীয়া ভনীয়েকগৰাকীৰ বয়স এতিয়া ১৮ বছৰ। তাইৰ কোলাত ৩ বছৰীয়া এটি সন্তান। গিৰিয়েক ঢুকুৱাৰ পিছত তাই এতিয়া কোলাত সন্তানক লৈ ৪ ঠাইত পাৰ্টটাইম কাম কৰে। (সুৰক্ষাজনিত কাৰণত প্ৰকৃত নাম সলনি কৰা হৈছে)
বনকৰা মহিলাৰ সুৰক্ষাৰ দিশক লৈ নিৰ্বিকাৰ চৰকাৰ
ভাৰতৰ শ্ৰমিক আইনৰ অধীনত প্ৰতিজন সংগঠিত শ্ৰমিকক সামৰি লোৱা হয় যদিও বনকৰা মহিলাসকলক এই আইনে কাৰ্যতঃ এতিয়াও ঢুকি পোৱা নাই। তেওঁলোকৰ দৰমহা, কামৰ নিৰ্ধাৰিত সময়, কামৰ সময়ত শাৰীৰিক নিৰ্যাতন অথবা কিবা দুৰ্ঘটনাৰ সন্মুখীন হ’লে তেওঁলোকৰ হৈ মাত মাতিবলৈ কোনো নাই। যাৰ বাবে বহুসময়ত দুৰ্ঘটনা, নিৰ্যাতন ইত্যাদিৰ ভুক্তভোগী হৈয়ো তেওঁলোক বাধ্য হৈ আহিছে নীৰৱে থাকিবলৈ। বঞ্চিত হৈ আহিছে অইন শ্ৰমিকসকলে পোৱা চৰকাৰী সাহায্যৰ পৰা।
বনকৰা মহিলাসকলৰ এনে দুখ-দুৰ্দশাৰ কথা উপলব্ধি কৰিয়েই একাংশ সচেতন শ্ৰমিকে অব্যাহত ৰখা নিৰবচ্ছিন্ন সংগ্ৰামৰ ফলত চৰকাৰে বনকৰা মহিলাসকলৰ লগতে বিভিন্ন অসংগঠিত ক্ষেত্ৰত কাম কৰা শ্ৰমিকসকলৰ বাবে প্ৰণয়ন কৰে ‘‘অসংগঠিত শ্ৰমিক সুৰক্ষা আইন, ২০০৮’’। এইখন আইনৰ অধীনত বনকৰা মহিলাসকলক সামৰি লোৱা হ’ল যদিও আজি পৰ্যন্ত কোনো ফলপ্ৰসূ সুবিধা লাভ কৰিবলৈ সক্ষম নহ’ল এগৰাকীও বনকৰা মহিলাই।
এই আইন মৰ্মে প্ৰতিজন অসংগঠিত খণ্ডৰ শ্ৰমিকে নিজৰ নাম পঞ্জীয়নৰ দ্বাৰা চৰকাৰী সা-সুবিধাসমূহ আদায় কৰিব পাৰিব। ভাৰতৰ কেইখনমান ৰাজ্যত এই আইন কাৰ্যকৰী হ’ল যদিও অসমত সেয়া কেৱল কাগজ-কলমতে সীমাৱদ্ধ হৈ ৰয়। ফলত অসংগঠিত শ্ৰমিকসকলে অসন্তুষ্টি প্ৰকাশ কৰি পুনৰ আন্দোলন আৰম্ভ কৰে। শ্ৰমিকসকলৰ এনে আন্দোলনৰ ফলশ্ৰুতিত অসম চৰকাৰে ২০১৮ চনত প্ৰস্তুত কৰে এখন নতুন খচৰা বিধেয়ক। ইয়াৰ নাম দিয়া হয় ‘অসম বনকৰা মহিলা সামাজিক সুৰক্ষা আঁচনি, ২০১৮’। চৰকাৰে খচৰা বিধেয়কখন মুকলি কৰাৰ পাছতে ইয়াত একাধিক আসোঁৱাহ ৰৈ যোৱাৰ কথা উল্লেখ কৰিছে সচেতন মহলে।
কি আসোঁৱাহ আছে খচৰা বিধেয়কত?
বনকৰা মহিলা তথা বস্তি অঞ্চলসমূহৰ উন্নয়নৰ লগত জড়িত এটি ব্যক্তিগত সংস্থা 'য়ুবা’। এই সংস্থাটোৰ এগৰাকী সক্ৰিয় কৰ্মী মেহজাবিন ৰহমান। খচৰা বিধেয়কখনত একাধিক ত্ৰুটি ৰৈ গৈছে বুলি উল্লেখ কৰি NNOৰ আগত তেওঁ কয়, 'চৰকাৰে পাৰ্টটাইম হিচাপত এগৰাকী বনকৰা মহিলাৰ প্ৰতি ঘণ্টাৰ মজুৰি ৩০ টকা ধৰিছে। এগৰাকী মহিলাই এটা দিনত ৪-৫ ঘৰত কাম কৰিব পাৰে। তেওঁলোকে কাম কৰা স্থানসমূহ কেতিয়াবা ওচৰে-পাজৰে নহয়। যাৰ বাবে যাতায়াতৰ বাবদ তেওঁলোকৰ কিছু টকা খৰছ হয়। প্ৰতি ঘণ্টাত ৩০ টকাকৈ হ'লে এটা দিনত মুঠ ৪-৫ ঘণ্টা কাম কৰি তেওঁলোকে লাভ কৰে ১৫০ টকা। তাৰ মাজৰে যাতায়াতৰ বাবদ তেওঁলোকৰ খৰচ হয় ২০-৩০ টকা। এই মজুৰিৰে এখন ঘৰ চলা কেতিয়াও সম্ভৱ নহয়।’
তেওঁ আৰু কয়, 'চৰকাৰে বনকৰা মহিলাসকলৰ মজুৰি প্ৰতিঘণ্টাত ৫০ টকালৈ বৃদ্ধি কৰিলেহে তেওঁলোকে দুবেলা দুসাজ ভালকৈ খাব পাৰিব।ইয়াৰ উপৰিও আইনখনত বনকৰা মহিলা এগৰাকীৰ স্বাস্থ্য সাহায্য তেওঁলোকৰ পঞ্জীয়নৰ ৩ বছৰৰ পাছত দিয়াটো অযুক্তিকৰ। লগতে বনকৰা মহিলা এগৰাকীৰ গৰ্ভাবস্থাৰ ছুটী সম্পৰ্কেও কোনোধৰণৰ স্পষ্ট কথা তাত উল্লেখ নাই। এইখণ্ডৰ কৰ্মৰত মহিলাসকলৰ সন্তানসকলৰ বাবে দক্ষতা বৃদ্ধিৰ বাবে চৰকাৰে উপায় গ্ৰহণ কৰাটো অতিশয় প্ৰয়োজনীয়। আমি তেওঁলোকৰ সুৰক্ষাক চৰকাৰে গুৰুত্ব দিয়াটো বিচাৰোঁ।’
কেনেদৰে আগবাঢ়িছে বনকৰা মহিলাসকলৰ সামাজিক সুৰক্ষা খচৰা-২০১৮ৰ কাম?
ভাৰতৰ উচ্চতম ন্যায়লয়ে ২০১৮ চনতেই অসংগঠিত শ্ৰমিক সুৰক্ষা আইনৰ অধীনৰ সকলো শ্ৰমিকৰ পঞ্জীয়নৰ কাম ১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কৰি শেষ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও অসমত ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাহে এই কাম আৰম্ভ হৈছে। বৰ্তমানলৈ সমগ্ৰ অসমত বনকৰা মহিলাৰ ৪২২৭ গৰাকীৰ পঞ্জীয়নৰ নথি লাভ কৰাৰ কথা প্ৰকাশ কৰে গুৱাহাটীস্থিত সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে।
'বনকৰা মহিলাসকলৰ পঞ্জীয়নৰ কাম আমি সমগ্ৰ অসমতে কৰি আছোঁ। বৰ্তমানলৈ যোৰহাট, তেজপুৰ আৰু গুৱাহাটীত পঞ্জীয়নৰ বাবে মহিলাসকল আহিছে। আমি যিমান পাৰো খৰতকীয়াকৈ কামসমূহ কৰিছোঁ। পঞ্জীয়ন হোৱা ৪২২৭ গৰাকী মহিলাৰ প্ৰায় আধাসংখ্যকে তেওঁলোকৰ পঞ্জীয়নৰ কাৰ্ডসমূহ লাভ কৰিছে। বাকী থকা সকলেও অতি সোনকালে লাভ কৰিব। তেওঁলোকৰ বহুতৰে নথি সমূহত বেমেজালি আছে বাবে আমাৰ এই কাম আগবঢ়োৱাত অলপ লেহেমীয়া হৈছে। কিন্তু তেওঁলোকে আমাক সহযোগিতা আগবঢ়ালে আমি সোনকালেই সমগ্ৰ অসমত এই কাম ত্ৰুটিবিহীন ভাৱে সম্পন্ন কৰিব পাৰিম।’-NNOৰ আগত এইদৰে কয় সহকাৰী শ্ৰম আয়ুক্তগৰাকীয়ে।
বনকৰা মহিলাসকলৰ লগতে নিৰ্মাণখণ্ডৰ শ্ৰমিকসকলৰো পঞ্জীয়নৰ কাম কৰি থকাৰ কথাও সদৰী কৰিছে শ্ৰম আয়ুক্তগৰাকীয়ে। তেওঁ জনোৱা মতে সমগ্ৰ অসমত এতিয়ালৈ প্ৰায় ৯৩০০জন শ্ৰমিকৰ পঞ্জীয়ন সম্পন্ন হৈছে। বাকী থকা শ্ৰমিকসকলৰ পঞ্জীয়নৰ কামো শীঘ্ৰেই শেষ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলিও জনায় আয়ুক্তগৰাকীয়ে।
পঞ্জীয়নেতেই সমাপ্ত নেকি বনকৰা মহিলাসকলৰ প্ৰতি চৰকাৰৰ দায়িত্ব?
পঞ্জীয়নৰ পিছত কি কি সুবিধা পাব বনকৰা মহিলাসকলে? পঞ্জীয়ন সম্পন্ন হোৱা বনকৰা মহিলাসকলৰ অধিকাংশই এই বিষয়ে সম্পূৰ্ণৰূপে অজ্ঞাত। 'আমি ৰেজিষ্ট্ৰেশ্যন কৰিছো। চৰকাৰৰ মানুহে আমি বহুত কিবাকিবি পাম বুলি কৈছে। কিন্তু কি পাম সেইবোৰ আমাক কোৱা নাই। বহুত কষ্টত আছো আমি। চৰকাৰে যদি সঁচাকৈ আমাক কিবা দিয়ে সেয়াতো আমাৰ বাবে সৌভাগ্যৰ কথা।’-এইদৰে কয় পঞ্জীয়নক লৈ আশাবাদী হৈ পৰা গণেশগুৰি অঞ্চলৰ এগৰাকী বনকৰা মহিলাই।
আনহাতে শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলো পঞ্জীয়নৰ পিছত উপলব্ধ হ’বলগীয়া সা-সুবিধা সম্পৰ্কে জ্ঞাত নহয়। বনকৰা মহিলাসকলে পঞ্জীয়নৰ পিছত পাবলগীয়া সা-সুবিধা সন্দৰ্ভত সহকাৰী শ্ৰম আয়ুক্তক প্ৰশ্ন কৰাত সেই বিষয়ে তেওঁ সবিশেষ নাজানে বুলি জনায়।
শ্ৰম মন্ত্ৰালয়ে তেওঁলোকক এইসম্পৰ্কে কোনোধৰণৰ জাননী দিয়া নাই বুলি সদৰী কৰি কয় যে তেওঁলোকে কেৱল নিজৰ দায়িত্বহে পালন কৰি গৈছে। 'শ্ৰমিকসকলে প্ৰায়ে আমাক আইনখনৰ পৰা পাব পৰা সুবিধাসমূহ সম্পৰ্কে প্ৰশ্ন কৰে। আমাৰ হাতত কিন্তু কোনো উত্তৰ নাই। তেওঁলোকে আমাৰ কৰ্মচাৰীসকলক প্ৰশ্ন সুধি সুধি অতিষ্ঠ কৰি তোলে। কিন্তু আমাক চৰকাৰে একো কোৱা নাই যেতিয়া আমিনো তেওঁলোকক কি বুলি উত্তৰ দিব পাৰো?’-শ্ৰম আয়ুক্তগৰাকীৰ ভাষ্য।
সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ এনে দায়সৰা মন্তব্যক লৈ মুঠেই সন্তুষ্ট নহয় বনকৰা মহিলাসকলৰ লগতে তেওঁলোকৰ ন্যায্য দাবীৰ হকে কাম কৰি অহা ব্যক্তিসকল। 'সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে এই সম্পৰ্কে জনা উচিত। চৰকাৰী কাৰ্যালয় এটাই চৰকাৰী আঁচনি সম্পৰ্কে জ্ঞাত নহ’লে শ্ৰমিকসকলে পঞ্জীয়নৰ বাবে আগবাঢ়ি নহাৰে সম্ভাৱনা বেছি। সমগ্ৰ অসমত বনকৰা মহিলাৰ সংখ্যা কেইবাহেজাৰ হ’ব। তেনে সময়ত মাত্ৰ ৪২২৭গৰাকী বনকৰা মহিলাৰ হে পঞ্জীয়ন হোৱাতো দুৰ্ভাগ্যজনক। আচলতে শ্ৰমিকসকলৰ সমস্যাসমূহক লৈ চৰকাৰ মুঠেই দায়িত্বশীল নহয়।’-এই অভিযোগ 'য়ুবা’কে আদি কৰি কেবাটাও সংস্থাৰ।