ডিফুঃ মাতৃভূমিৰ বাবে প্ৰতিগৰাকী লোকে ভাল কাম কৰাৰ চেষ্টা কৰে৷ যাৰ বাবে আমি কোনো নহয় কোনো কামত পেছাগতভাৱে জড়িত হৈ আছো৷ নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাসহকাৰে পালন কৰি আমি সকলোৱে আগুৱাই নিব খোজে মাতৃভূমিক৷ বিশেষকৈ নিজে বাস কৰা ঠাইখন সকলোৱে চাফ-চিকুণকৈ ৰাখিব বিচাৰে৷
দেশবাসীক সু-স্বাস্থ্য প্ৰদান কৰিবলৈ প্ৰতিটো অঞ্চল পৰিস্কাৰকৈ ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় কৰি স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছে। একাংশ লোকৰ বাবে স্বচ্ছ ভাৰত এতিয়া এক ফেশ্বন৷ মোবাইলৰ কেমেৰা অন কৰি ৰাজপথত ঝাড়ু মাৰি ফেচবুকত ফটো আপলোড কৰা মানুহ বহু আছে৷ একাংশ লোকে ঝাডু হাতত লৈ কেমেৰাৰ লেন্সত বন্দী হোৱাৰ তাড়নাত কাম কৰা দেখা যায়৷