আগমনিঃ ৰাজ্য চৰকাৰৰ নিৰ্দেশৰ ভিত্তিত আজি পুৱাৰে পৰা বন্ধ হৈ পৰে ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়া আন্তৰাজ্যিক তালাচী চকীৰ বক্সিৰহাট পৰিবহণ তালাচী চকী। উল্লেখ্য যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন শাসনত বহাৰ পিছতে এবছৰ পূৰ্বে বন্ধ কৰিছিল তালাচী চকীখনত থকা আৱকাৰী তালাচীখন।
ইয়াৰ পিছতে সমগ্ৰ দেশত জি এছ টি কাৰ্যকাৰী হোৱাত ৩০ জুনত বন্ধ হৈ পৰে বক্সিৰহাট কৰ পৰীক্ষণ চকী। চকীখন বন্ধ হ’লে ৩০/৪০ হাজাৰ লোক নিবনুৱা হৈ পৰাৰৰ আশংকাত বিকল্প ব্যৱস্থা গ্ৰহণৰ বাবে যোৱা ৮ জুলাইত গোলকগঞ্জ ভ্ৰমণলৈ অহা মু্খ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ছাগলীয়াৰ কেইবাটাও সংগঠনে স্মাৰকপত্ৰযোগে দাবী জনায়।