মোৰাঝাৰঃ হোজাইৰ বিন্নাকান্দি উন্নয়ণ খণ্ডৰ চামৰালি আঞ্চলিক পঞ্চায়তৰ সদস্য সাহাব উদ্দিন মজুমদাৰে প্ৰস্তুতি চলাইছে বিজেপিত পদাৰ্পণ কৰাৰ৷ বিন্নাকান্দি উন্নয়ণ খণ্ডত ৰাইজৰ হকে কাম কৰি ৰাইজৰ আশীৰ্বাদ লাভ কৰা যুৱ নেতা গৰাকীয়ে কিছুদিন পূৰ্বে ৰাজনৈতিক ষড়যন্তৰ বলি হৈ জেইলত থাকিব লগীয়া হৈছিল৷
জামিনত জেইলৰ পৰা ওলাইয়েই নেতা গৰাকীয়ে এইবাৰ ৰাইজৰ হকে কাম কৰি যাবলৈ বিজেপিত খোজ দিয়াৰ পৰিকল্পনা হাতত লৈছে৷ শনিবাৰে এই সন্দৰ্ভত নেতা সাহাব উদ্দিনে স্থানীয় অঞ্চলটোৰ সহস্ৰাধিক লোকৰ সতে মিলিত হৈ এই বিষয়ে বিতং আলোচনা কৰে৷