তামুলপুৰঃ দেউতাই দেশ আৰু জাতিৰ হকে আত্ম বলিদান দি যি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল, সেই গৌৰৱ মই কেতিয়াও হেৰুৱাব নোখোজো৷ বৰঞ্চ দুগুন উৎসাহেৰে দেউতাৰ ত্যাগ আৰু আদৰ্শক শ্ৰদ্ধা জনাই দেশ আৰু জাতিৰ হকে সেৱা আগবঢ়াই যাম৷ এই মন্তব্য যোৱা ১৪ ফেব্ৰুৱাৰীত জন্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাতী বোমাৰ আক্ৰমণত নিহত হোৱা বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰী নিবাসী বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ কন্যা ডিদৌমশ্ৰী বসুমতাৰীৰ।
বীৰ ছহিদ গৰাকীৰ ত্যাগক শ্ৰদ্ধা জনাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ছহিদ মনেশ্বৰ বসুমতাৰীৰ আদ্যশ্ৰাদ্ধত
উপস্থিত হৈ শ্বহীদ গৰাকীৰ পৰিয়ালৰ প্ৰতি সন্মান জনাই কন্যা ডিদৗমশ্ৰী বসুমতাৰীক অসম পৰ্যটন বিভাগৰ সঞ্চালকালয়ৰ কাৰ্যলয়ত সহকাৰী পৰ্যটন তথ্য বিষয়া পদত নিযুক্তি পত্ৰ দিয়াত বৃহস্পতিবাৰে ছহিদৰ কন্যা গৰাকীয়ে মাতৃ চানমতি বসুমতাৰী সৈতে আত্মীয় স্বজনক লগত লৈ গুৱাহাটীৰ পানবজাৰস্থিত পৰ্যটন বিভাগৰ সহঃ সঞ্চালকৰ ওচৰত আনুষ্ঠানিকভাৱে যোগদান কৰি এনেদৰে নিজৰ অনুভৱ প্ৰকাশ কৰে৷