গুৱাহাটীঃ সন্ত্ৰাসবাদীৰ সংঘর্ষত শ্বহীদ হোৱা চিআৰপিএফৰ বীৰ জোৱান নিৰোদ শৰ্মাৰ বৃহস্পতিবাৰে শেষকৃত সম্পন্ন হৈছিলহে, তেনেতে ৰাজ্যবাসীৰ বাবে আহিল আন এক দুঃখবৰ। 

দেশমাতৃৰ বাবে জীৱন উচৰ্গা কৰিলে আন এজন সাহসী জোৱানে। ২০৯ নং কোব্রা বেটেলিয়নৰ শ্বহীদ জোৱানজনৰ নাম সুনীল কলিতা। শ্বহীদ সুনীল কলিতা ঘৰ কামৰূপ জিলাৰ ৰঙিয়াত। কিছুদিনৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা জোৱানজন যোৱা ২৮ মে'ত ঝাৰখণ্ডত চিআৰপিএফ বাহিনীৰ সহযোগত মাওবাদীৰ বিৰুদ্ধে এক অভিযানত আইইডি বিস্ফোৰণত গুৰুত্বভাৱে আহত হৈ দিল্লীৰ এইম্ছত চিকিৎসাধীন হৈ আছিল। 

ঝাৰখণ্ডৰ চাইকিলা জিলাত সংঘটিত হোৱা এই সন্দেহযুক্ত মাওবাদীৰ আইডি আক্রমনত গুৰুত্বভাৱে আহত হোৱা বীৰ জোৱানজনে বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাতে দিল্লীৰ এইমছত সন্ধিয়া ৭.৪৫ বজাত মৃত্যু হয়। ইফালে, জোৱান সাহসী সুনীল কলিতাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে এতিয়া ৰঙিয়া ডিমু নিজা ঘৰখনত শোকৰ ছাঁ ই বিৰাজ কৰে। 

উল্লেখ্য যে, এই ২৮ মে’ত আইইডি বিস্ফোৰণত মুঠ ১৫ জন জোৱান আহত হৈছিল। তাৰ ভিতৰত বকোৰ মিজানুৰ ৰহমান, হোজাই সম্ভূ লাল নামৰ আন দুজন জোৱানো। ইয়াৰ উপৰিও ঝাৰখণ্ডত মাওবাদীৰে সংৰ্ষতত এই মাহত শ্বহীদ হৈছিল এছএছবি জোৱান গহপুৰৰ নীৰজ ছেত্ৰী। আনহাতে, বৃহস্পতিবাৰে সুনীল কলিতা মৃত্যুৰ পাছতে একেটা মাহতে ৰাজ্যবাসীয়ে হেৰুৱালে তিনিগৰাকীকৈ সাহসী বীৰক।