গুৱাহাটীঃ চত্তীশগড়ত মাওবাদীৰে সংঘৰ্ষত মৃত্যু হোৱা শ্বহীদ সুনীল কলিতাৰ পত্নীক উদেশ্য কৰি সামাজিক মাধ্যমত অশালীন মন্তব্য প্ৰকাশ কৰা যুৱকক গ্ৰেপ্তাৰ। জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰপৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত যুৱক জনৰ নাম চাহিল আব্বাছ।

ধৃত যুৱকজনে শ্বহীদ সুনীল কলিতাৰ বিয়োগৰ সময়ত পত্নীগৰাকীয়ে দুখত ভাগি পৰা অৱস্থাত আবদ্ধ হোৱা এখন ফটোত অতি লজ্জাজনকভাৱে অশালীন মন্তব্য প্ৰকাশ কৰিছিল। তাৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।

সকলোৱে দাবী তুলিছিল অসম আৰক্ষীয়ে এই ধৃত যুৱক জনক কাৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। লগতে অশালীন মন্তব্য কৰা ধৃত যুৱক জনক গ্ৰেপ্তাৰ কৰাৰ বাবে কমলপুৰ থানাত ৰুজু কৰা হৈছিল ভাৰতীয় দণ্ডবিধি ৫০৭ ধাৰা আৰু তথ্য প্ৰযুক্তিৰ আইনৰ ৬৭ ধাৰাত এক  গোচৰ। সেই গোচৰৰ ভিত্তিতে কমলপুৰ আৰক্ষীৰ থানা ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া নেতৃত্বত তিনিজনীয় অসম আৰক্ষীৰ দলে জম্মু-কাশ্মীৰৰ আৰক্ষীৰ সহযোগত অভিযান চলাই জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ পৰা মংগলবাৰে গ্ৰেপ্তাৰ কৰে। 

জানিব পৰা মতে অসম আৰক্ষীৰ দলটোৱে ধৃত যুৱক জনক স্ব-গৃহৰপৰা গ্ৰেপ্তাৰ কৰাৰ সময়ত যথেষ্ট বিপদ আৰু সমস্যাত পৰা বুলি জানিবলৈ দিছে অভিযানকাৰী আৰক্ষীয়ে। যুৱক জনক গ্ৰেপ্তাৰ কৰাৰ সময়ত ছয়-সাত শতাধিক কাশ্মীৰৰ জনতাক অসম আৰক্ষীৰ অভিযানকাৰী দলটোক আবদ্ধ কৰি ৰখা বুলিও জানিবলৈ দিছে।

কিন্তু সেই সকলোবোৰ বাধাৰে যুজঁ দি অসম আৰক্ষীৰ দলটোৱে ধৃত আব্বাছক গ্ৰেপ্তাৰ কৰি কুলগাম থানালৈ আনে। তাৰ পাছত বিশেষ জম্মু-কাশ্মীৰৰ আদালত ধৃত যুৱকজনক অসম আৰক্ষীয়ে ট্ৰেনজিত ৰিমাণ্ডত লৈ দিল্লীৰ হৈ বিশেষ বিমানৰ জৰিয়তে গুৱাহাটীলৈ অনা হয়।

আনহাতে, গুৱাহাটীলৈ অনা ধৃত চাহিল আব্বাছক বুধবাৰে কামৰূপ জিলা দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা পাছতে নিজৰ জিম্মাত লৈ জেৰা আৰম্ভ কৰিব। ইফালে, অসম আৰক্ষীৰ এই সফলতাত সমগ্ৰ ৰাজ্যবাসীয়ে ধন্যবাদ জনাইছে। লগতে আৰক্ষীক আহ্বান জনাই ৰাইজৰ দাবী অশালীন মন্তব্য কৰা ধৃত চাহিল আব্বাছক কঠোৰৰপৰা অতি কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে।