ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ তীৰ্থস্থান মক্কালৈ হজযাত্ৰাৰ বাবে যাবলগীয়া একমাত্ৰ লোকগৰাকীক আজি বিজেপিয়ে শুভেচ্ছা জনায়৷ কাৰ্বি আংলং জিলা বিজেপিয়ে সদৰ চহৰ ডিফুৰ মুখ্য কাৰ্যালয়ত এক মাত্ৰ হজযাত্ৰী চাহজাহান ৰহমান নামৰ লোকগৰাকীক শুভেচ্ছা জ্ঞাপনৰ বাবে আয়োজন কৰে বিশেষ অনুষ্ঠানৰ।
পূৱ কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি তথা ১৮নং লুম্বাজং পৰিষদীয় সমষ্টিৰ নৱ নিৰ্বাচিত সদস্য ৰতন টেৰণে পৰিচালনা কৰা সম্ভাষণ অনুষ্ঠানত হাওৰাঘাট পৰিষদীয় সমষ্টিৰ নৱ নিৰ্বাচিত এম এচি খনচিং ৰংপি, জিলা বিজেপিৰ সদস্য লৰেন্স টেৰণ উপস্থিত থাকে৷