চামগুৰিঃ নগাঁৱত দেওবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শিৰডী সাইবাবাৰ মহা সমাধিৰ শতবাৰ্ষিকী পালন কৰা হয়৷ নগাঁও জিলা শ্ৰী শিৰডী সাইবাবা সেৱান্যাসৰ উদ্যোগত শ্ৰী শিৰডী সাইবাবা মন্দিৰৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু মহা সমাধিৰ শতবাৰ্ষিকী অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।
কেইবাশতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত পুৱা ৭বজাত কাকড় আৰতি, পুৱা ৮ বজাত অভিষেক-হোম, পুৱা ১০-৫৪ বজাত সাই বাবা সৎ চৰিত্ৰ পাঠ আৰু সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। সৰ্ব ধৰ্ম প্ৰাৰ্থনা সভাত সাই চৰিত্ৰ পাঠ কৰে গুৱাহাটীৰ ডলী পাটোৱাৰীয়ে।