newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপি-পিডিপি মিত্ৰজোঁট ভংগৰ লগতে জম্মু কাশ্মীৰ চৰকাৰৰ পতন হোৱাৰ অন্তত ৰাজনৈতিক দলৰ মাজক বাকযুদ্ধ অব্যাহত আছে৷ তাৰ মাজতে এগৰাকী কংগ্ৰেছ নেতাই চৰ্দাৰ পেটেলে কাশ্মীৰক পাকিস্তানক এৰি দিব বিচাৰিছিল বুলি কয়৷ ইমানে নহয় জৱাহাৰলাল নেহেৰুৱে দিয়াৰ পক্ষত নাছিল বুলি কৈ বিতৰ্কৰ সৃষ্টি কৰে৷ 

ভাৰত আৰু পাকিস্তানৰ মাজত শান্তি কেনেদৰে সম্ভৱ তাকেই লৈ সোধা প্ৰশ্ন উত্তৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চেইফুদ্দিন চৌজে কয় শান্তিৰ বাবে সীমা সলনি কৰিব নোৱাৰি৷ দুয়োদেশৰ মাজত আলোচনাৰ বাহিৰে আন কোনো পথ নাই৷’’

আনহাতে কাশ্মীৰ সন্দৰ্ভত প্ৰকাশ পাবলগীয়া কিতাপক লৈ বিতৰ্কৰ সৃষ্টি হৈ অহাত কংগ্ৰেছে নাৰাজ হ’বলগীয়া কোনো কথা নাই বুলি কৈ চৌজে কয় ‘‘মই কিতাপত কৈছো চৰ্দাৰ পেটেলে বিচাৰিছিল কাশ্মীৰ পাকিস্তানক দিয়া যাওক৷ কিন্তু নেহেৰুৱে কাশ্মীৰক ভাৰতৰ পক্ষত ৰাখিবলৈ বিচাৰিছিল৷ পেটেলে মৃত্যু পৰ্যন্ত কাশ্মীৰক পাকিস্তানক দিব বিচাৰিছিল৷ বল প্ৰয়োগেৰে নহয় আলোচনাৰ জৰিয়তেহে কোনো পথ ওলাব৷’’