59
নতুন দিল্লীঃ অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে ১৯৮৪ চনৰ শিখ হত্যাকাণ্ডৰ বিচাৰৰ চূড়ান্ত ৰায়দান কৰিলে৷এই গোচৰৰ প্ৰধান অভিযুক্ত কংগ্ৰেছী নেতা সজ্জন কুমাৰক ন্যায়ালয়ে দোষী সাব্যস্ত কৰে আৰু সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে ৷ উল্লেখযোগ্য যে ইয়াৰ আগতে নিম্ন আডালতে সজ্জন কুমাৰক নিৰ্দোষী বুলি মুক্ত কৰিছিল৷