কামপুৰঃ দুখীয়াৰ পেটৰ ভাত বিক্ৰি হৈছে ক’লা বজাৰত৷ এফালে দৰিদ্ৰই ভোকৰ এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈ থকাৰ মাজতে আনফালে এচাম দুস্কৃতিকাৰীয়ে সমবায়ৰ চাউল গোপনে বিক্ৰি কৰি চলাই আছে ৰমৰমীয়া বেহা৷
দুখীয়া ৰাইজৰ বাবে চৰকাৰে খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে যোগান ধৰা চাউল ক’লা বজাৰত বিক্ৰী কৰাৰ ঘটনা নগাঁও জিলাত পোহৰলৈ আহিছে৷ নগাঁও কঠিয়াতলী লাচিত নগৰত নিশা আৰক্ষীৰ অভিযান চলাই বিকাশ সাহা নামৰ এজন লোকৰ বাসগৃহৰ পৰা ৮৫ বস্তা চাউল জব্দ কৰিবলৈ সক্ষম হয়।