কোকৰাঝাৰঃ চৰকাৰক কৰ ফাঁকিৰে বিশাল ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলা ব্যৱসায়িক প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষৰ বিৰুদ্ধে কোকৰাঝাৰ বিক্ৰী কৰ বিভাগে অভিযান অব্যাহত ৰাখিছে ৷ এনে অভিযানৰ অংশস্বৰূপে কোকৰাঝাৰ বিক্ৰীকৰ বিভাগে শেহতীয়াকৈ জিলাখনৰ চিথিলা আৰু পাটগাওঁ ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই কৰ ফাঁকিৰে অবৈধভাবে সৰবৰাহ কৰা তথা মজুত কৰি ৰখা  ৫৬ লাখ টকা মূল্যৰ শুকান চুপাৰি আৰু মৰাপাট জব্দ কৰিছে ৷

জব্দকৃত এই দুয়ো বিধ সামগ্ৰীৰ ওপৰত  তিনি লাখ বিশ হেজাৰ টকা বিক্ৰীকৰ আৰু ৯ লাখ ৬০ হাজাৰ টকা জৰিমনা আৰোপৰে  কোকৰাঝাৰ বিক্ৰীকৰ বিভাগে প্ৰায় ১২ লাখ  ৮০ হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷  

শেহতীয়াকৈ কোকৰাঝাৰ বিক্ৰীকৰ বিভাগৰ অধীক্ষক দ্বীপেন দাস আৰু বিক্ৰীকৰ পৰিদৰ্শক মনোজ পাণ্ডেৰ নেতৃত্বত বিভাগটোৰ এটি দলে জিলাখনৰ পাটগাওঁ ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই  জয় ৰাম কৃষ্ণ ট্ৰেভেলছৰ এ এছ ০১- বি চি - ৮২৯২, এ এছ ০১ - চি চি - ৪৬২২ আৰু এ এছ ০১ - কিউ - ০০৪৫  নম্বৰৰ তিনিখন নৈশ যাত্ৰীবাহী  বাছ জব্দ কৰে ৷

গুৱাহাটীৰ পৰা পশ্চিমবংগৰ শিলিগুৰি অভিমুখী যাত্ৰীবাহী বাছ তিনি খনে যাত্ৰীৰ পৰিৱৰ্তে কৰ ফাঁকিৰে তথা অবৈধভাবে শুকান চুপাৰি কঢ়িয়াই আনিছিল ৷ বাছ তিনিখনৰ পৰা বিক্ৰীকৰ বিভাগে ৪১ লাখ ৬০ হেজাৰ টকা মূল্যৰ ২৬০ বস্তা শুকান চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় ৷ কৰ ফাঁকিৰে বহি:ৰাজ্যলৈ বুলি  কঢ়িয়াই অনা এই শুকান চুপাৰিৰ ওপৰত বিক্ৰীকৰ আৰু জৰিমনা আৰোপৰে বিক্ৰীকৰ বিভাগে  ৯ লাখ  ৯৪ হেজাৰ ৪০০ টকা ৰাজহ সংগ্ৰহ কৰে ৷

একেদৰে কোকৰাঝাৰ কৰ অধীক্ষক দ্বীপেন দাস আৰু বিক্ৰীকৰ পৰিদৰ্শক মনোজ পাণ্ডেৰ নেতৃত্বতে বিক্ৰীকৰ বিভাগে জিলাখনৰ চিথিলা অঞ্চলত অভিযান চলাই অঞ্চলটোৰে সুকুমাৰ দেবনাথ নামৰ ব্যৱসায়ী এজনে ঘৰত অবৈধভাবে মজুত কৰি ৰখা চৈধ্য (১৪) লাখৰো অধিক মূল্যৰ শুকান মৰাপাট জব্দ কৰে ৷ জব্দকৃত এই মৰাপাটৰ ওপৰত বিক্ৰীকৰ আৰু জৰিমনা বিহি কোকৰাঝাৰ বিক্ৰীকৰ বিভাগে  ২ লাখ ৮১ হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷