কোকৰাঝাৰঃ চৰকাৰক কৰ ফাঁকিৰে বিশাল ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তোলা ব্যৱসায়িক প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষৰ বিৰুদ্ধে কোকৰাঝাৰ বিক্ৰী কৰ বিভাগে অভিযান অব্যাহত ৰাখিছে ৷ এনে অভিযানৰ অংশস্বৰূপে কোকৰাঝাৰ বিক্ৰীকৰ বিভাগে শেহতীয়াকৈ জিলাখনৰ চিথিলা আৰু পাটগাওঁ ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই কৰ ফাঁকিৰে অবৈধভাবে সৰবৰাহ কৰা তথা মজুত কৰি ৰখা ৫৬ লাখ টকা মূল্যৰ শুকান চুপাৰি আৰু মৰাপাট জব্দ কৰিছে ৷
জব্দকৃত এই দুয়ো বিধ সামগ্ৰীৰ ওপৰত তিনি লাখ বিশ হেজাৰ টকা বিক্ৰীকৰ আৰু ৯ লাখ ৬০ হাজাৰ টকা জৰিমনা আৰোপৰে কোকৰাঝাৰ বিক্ৰীকৰ বিভাগে প্ৰায় ১২ লাখ ৮০ হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷