Home ৰাজ্যপখিলা ইংতিপী সহএছিয়া পেছিফিক মাষ্টার্ছ গেমছৰ কৃতি খেলুৱৈ সকলক বিশেষ সম্বৰ্ধনা

পখিলা ইংতিপী সহএছিয়া পেছিফিক মাষ্টার্ছ গেমছৰ কৃতি খেলুৱৈ সকলক বিশেষ সম্বৰ্ধনা

by News Desk
A+A-
Reset
IMG-20180922-WA0008

newsnextone.com।ডিফু: মালেছিয়াত অনুষ্ঠিত এছিয়া পেছিফিক মাষ্টাৰ্ছ গেমছৰ পৰা সোণ আৰু ব্ৰঞ্জৰ পদ লৈ ভাৰত,অসম তথা পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই অনা পখিলা ইংতিপী সহ জিলাখনৰ আন কৃতি খেলুৱৈ সকলক কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ তৰফৰ পৰা আনুষ্ঠানিক ভাবে সম্বৰ্ধনা জনোৱাৰ পিছত আজি পুণৰ খেলুৱৈ কেইগৰাকীক কাৰবি লামেট আমেইৰ কাৰ্যালয়ত কাৰবি লামেট আমেই, ধৰমনালা বহাগী বিদায় বিহু সমিতি,পূৰ্বাঞ্চল তাই সাহিত্য সভাই যৌথভাবে সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা অনুষ্ঠানত স্বৰ্ণজয়ী পখিলা ইংতিপীক কাৰবি পহ’ ফুলাম গামোছা, প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে আন কৃতি খলুৱৈ সকলকো পহ’ আৰু গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
কাৰ্বি আংলং তথা অসমৰ গৌৰৱ এছিয়া পেছিফিক মাষ্টার্ছ গেমছত ভাৰতৰ হৈ স্বর্ণ পদক অৰ্জনকাৰী দুৰন্ত এথলীট পখিলা ইংতিপীসহ আন কৃতি খেলুৱৈ সকলক শণিবাৰে কাৰবি লাম্মেত আমেই, ধৰমনলা বহাগী বিদায় বিহু সমিতি, পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ কাৰবি আংলং জিলা সমিতি আৰু অন্যান্য সামাজিক সাংস্কৃতিক দল- সংগঠনে সন্মিলিতভাৱে সম্বৰ্ধনা জনাই কাৰবি পাহাৰৰ নাম উজলাই তোলাৰ বাবে উচ্চ প্ৰশংসা কৰে৷ কাৰবি লাম্মেত আমেইৰ ৰংথেআংস্থিত কার্যালয়ত পূৱা ১০.০০ বজাৰ পৰা অনুষ্ঠিতব্য সম্বৰ্ধনা অনুষ্ঠানত কাৰবি আংলং তথা ৰাজ্যখনলৈ বিৰল গৌৰৱ কঢ়িয়াই অনা স্বর্ণজয়ী এথলীট পখিলা ইংতিপী, ভাৰতীয় কন্টিন্জেন্টৰ মেনেজাৰ আৰু এথলেটিকছ দলৰ প্ৰশিক্ষক ধনছিং ৰংপি, ব্রঞ্জ বিজয়ী চিকাৰী ইংহি, ৰাজেন ৰংপি, ইন্দু-অষ্ট্ৰেলিয়া দলৰ হৈ ফুটবলত ৰূপৰ পদক বিজয়ী জেনছিং ৰংহাং, ডা৹ বৰছিং ৰংপি আৰু ভাৰতীয় দলৰ হৈ এছিয়া পেছিফিক মাষ্টার্ছ গেমছত প্ৰতিনিধিত্ব কৰা খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱা হয়৷এই সম্বর্ধনা অনুষ্ঠানত পাহাৰীয়া জিলাখনৰ সকলো জাতি জনগোষ্ঠীৰ সামাজিক আৰু সাংস্কৃতিক সংগঠন সমূহৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থকাৰ লগতে কাৰবি লাম্মেত আমেইৰ হৈ সভাপতি সুৰেণ ক্রামছা আৰু সাধাৰণ সম্পাদক কামছিং হাঞ্চেই এছিয়া পেছিফিক গেমছৰ বিজয়ৰ সফলতাই জিলাখনৰ নতুন প্ৰজন্মলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি কয় ৷ আনহাতে সোণপৰী পখিলা ইংতিপীয়ে কয়যে এটা সময়ত তেওঁৰ প্ৰতিভা জিলা পৰ্যায়তে সীমাৱদ্ধ থাকিব বুলি ভাবিছিল যদিও প্ৰশিক্ষক ধনচিং ৰংপিৰ প্ৰচেষ্টাত আন্তৰাষ্ট্ৰীয় পৰ্যায়তো ভাৰতীয় ত্ৰিৰংগা পতাকা উৰুৱাই সফলতা লোৱাৰ আকাংক্ষা পূৰ্ণ হ’ল ৷ এনে বিৰল সন্মান আৰু সফলতা পাবলৈ ভাগ্য আৰু পৰিশ্ৰম দুয়োটাৰে প্ৰয়োজন হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0