newsnextone.com | দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচৰ মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত থকা বাউশকাটা সমবায় সমিতিৰ সম্পাদক-সভাপতিয়ে জালিয়াতিৰে ২০১৩ চনৰ ভোটাৰ তালিকাৰ পৰা চাৰি শতাধিক অংশীদাৰ (ভোটাৰ)ৰ নাম কৰ্তন কৰি নতুনকৈ অবৈধ ভাৱে ভোটাৰ উঠাই দিয়াক লৈ ৰাইজ-ভোটাৰৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

 উল্লেখযোগ্য যে, অহা ২০ আগষ্ট তাৰিখে সমবায় সমিতি খনত হ'ব লগা নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰ তালিকাৰ বিসংগতি পোহৰলৈ আহিছে। 

অভিযোগ মতে, ২০১৩ চনত ভোটাৰ তালিকা খনত থকা ভোটাৰ সকলৰ প্ৰায় চাৰি শতাধিক ভোটাৰৰ নাম কৰ্তন কৰি উক্ত ভোটাৰ সকলৰ আইডি নম্বৰত নতুনকৈ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি এইবাৰ নিৰ্বাচনত মুঠ ৫২ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামিছে। 

এই ৫২ গৰাকীৰ ভিতৰত পুৰণি ভোটাৰৰ আইডি নম্বৰৰ ব্যৱহাৰ কৰি নতুন ভোটাৰ কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুযোগ পালে ইয়াক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া ৰাইজৰ দাবী সমিতি খনৰ সম্পাদক-সভাপতিৰ বিৰুদ্ধে তদন্ত কৰি ভোটাৰ তালিকা নিকা কৰাৰ পিছতহে ভোটৰ ব্যৱস্হা কৰিব লাগে। অন্যথাই এই নিৰ্বাচন মানি লোৱা নহয় বুলিও ৰাইজ তথা ভোটাৰে দাবী জনাইছে।