ডিব্ৰুগড়ঃ সফলতাৰ ধাৰা অক্ষুন্ন ৰাখি এইবাৰো ডিব্ৰুগড়ৰ মান উজলাবলৈ সমৰ্থ হৈছে ছল্টব্ৰুক একাডেমীয়ে। আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত শিক্ষানুষ্ঠানখনৰ ১৩ গৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰে।
জিলাখনৰ চৰকাৰী খণ্ডৰ বিদ্যালয়-মহাবিদ্যালয়ক চেৰ পেলাই এনে সাফল্য অৰ্জন কৰাত উৎসাহিত হৈ পৰিছে ছল্টব্ৰুক একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকল। ফলাফল অনুযায়ী শিক্ষানুষ্ঠানখনৰ পৰা বিজ্ঞান শাখাত ৭গৰাকীকৈ শিক্ষাৰ্থীয়ে প্ৰথম দহটা স্থানত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ সমৰ্থ হয়।
৪৮০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান দখল কৰে শিক্ষানুষ্ঠানখনৰ মৃদুপৱন দাসে। ৪৭৭ নম্বৰ লাভ কৰি ষষ্ঠ স্থানত অধিষ্ঠিত হয় কৌস্তভমনি হাজৰিকা। একেদৰে ৪৭৬ নম্বৰেৰে সপ্তম স্থান লাভ কৰে মায়ংক প্ৰসাদে। ৪৭৫ নম্বৰেৰে শীৰ্ষ মজুমদাৰে অষ্টম আৰু ৪৭৩ নম্বৰেৰে নিশিতা বৰগোহাইয়ে নৱম স্থান দখল কৰে। দশম স্থানত অধিষ্ঠিত হয় দুগৰাকীকৈ শিক্ষাৰ্থীয়ে। এই শিক্ষাৰ্থী দুগৰাকী হৈছে ৪৭২ নম্বৰ প্ৰাপ্ত নয়না হাতীবৰুৱা আৰু নিকি বৰুৱা।
আনহাতে কলা শাখাত শিক্ষানুষ্ঠানখনৰ পৰা ৫গৰাকীকৈ শিক্ষাৰ্থীয়ে শীৰ্ষৰ দহটা স্থানত অন্তৰ্ভূক্ত হয়। শিক্ষানুষ্ঠানখনৰ অভিলাষা বৰবৰা আৰু দীপিকা হাজৰিকাই ৪৭৩ নম্বৰৰে পঞ্চম স্থান লাভ কৰে। ৪৭৩ নম্বৰেৰে ষষ্ঠ স্থান দখল কৰে অদিতি দত্তই। ৪৬৯ নম্বৰ লাভ কৰি নৱম স্থানত অধিষ্ঠিত হয় অৰ্পিতা সিংহ আৰু বঞ্চনা ৰাজকুমাৰীয়ে।
বাণিজ্য শাখাতো শীৰ্ষৰ দহত স্থান লাভ কৰে এগৰাকী শিক্ষাৰ্থীয়ে। ৪৬২ নম্বৰেৰে সত্যম ফোগলা নামৰ শিক্ষাৰ্থীগৰাকীয়ে ৰাজ্যৰ ভিতৰতে লাভ কৰে সপ্তম স্থান। ইফালে এই ফলাফলত সন্তুষ্টি প্ৰকাশ কৰিছে শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই। অনাগত দিনসমূহতো ছল্ট ব্ৰুকৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব বুলিও আশা প্ৰকাশ কৰে শিক্ষানুষ্ঠানখনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীয়ে।
"ছাত্ৰ-ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ ফলতেই আজি আমি এই সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছো। এইক্ষেত্ৰত আমি প্ৰথমেই নাম ল’ব লাগিব অধ্যক্ষ অজয় ছাহু ছাৰ, উপাধ্যক্ষ ৰঞ্জিত বৰুৱা ছাৰ আৰু তত্বাৱধায়ক অশ্বিনী দুৱৰা ছাৰৰ নাম। কমাৰ্চ ব্লকৰ প্ৰশাসক অন্তৰা বাইদেউৰ ভূমিকাকো আমি সকলোৱে শলাগ ল’ব লাগিব। শিক্ষাগুৰুসকলৰ নিৰন্তৰ প্ৰয়াসৰো শলাগিবলগীয়া। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সাধনা আৰু অধ্যৱসায়কো প্ৰশংসা নকৰিলে ভুল কৰা হ’ব।"-নিউজ নেক্সট ৱানৰ আগত এইদৰে কয় আজিৰ সাফল্যত উৎফুল্লিত হৈ পৰা শিক্ষানুষ্ঠানখনৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা সমুজ্জ্বল বৰাই।