বিহালীঃ ৰাজ্যৰ গাঁৱে-ভূঞে আছে ভাল শিক্ষক৷ ভাল শিক্ষক থকা বাবেই গাঁৱৰ লৰা-ছোৱালী পঢ়ি শুনি ডাঙৰ মানুহ হ’ব পাৰিছে৷ একাংশ শিক্ষকে দিন-ৰাতি একাকাৰ কৰি শিক্ষাদানকে সমস্ত বুলি ভাবি কাম কৰি যোৱাৰ বাবেই প্ৰতিটো বৰ্ষতে ফলাফলৰ সময়ত উজলি উঠে গ্ৰাম্যাঞ্চল।
এজন বা দুজন শিক্ষকক জেৰা কৰিলে সমগ্ৰ শিক্ষকৰ মানদণ্ড জোখাটো সম্ভৱ নহয়৷ মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা একাংশ শিক্ষকক ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে পৰ্যালোচনাৰ নামত অপমান কৰা বুলি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষকে দিনত দুবাৰকৈ পাঠদান কৰি অহাৰ কথা জানিব পৰা গৈছে।