বিহালীঃ ৰাজ্যৰ গাঁৱে-ভূঞে আছে ভাল শিক্ষক৷ ভাল শিক্ষক থকা বাবেই গাঁৱৰ লৰা-ছোৱালী পঢ়ি শুনি ডাঙৰ মানুহ হ’ব পাৰিছে৷ একাংশ শিক্ষকে দিন-ৰাতি একাকাৰ কৰি শিক্ষাদানকে সমস্ত বুলি ভাবি কাম কৰি যোৱাৰ বাবেই প্ৰতিটো বৰ্ষতে ফলাফলৰ সময়ত উজলি উঠে গ্ৰাম্যাঞ্চল। 

এজন বা দুজন শিক্ষকক জেৰা কৰিলে সমগ্ৰ শিক্ষকৰ মানদণ্ড জোখাটো সম্ভৱ নহয়৷ মানৱ সম্পদ গঢ়াৰ খনিকৰ বুলি কোৱা একাংশ শিক্ষকক ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে পৰ্যালোচনাৰ নামত অপমান কৰা বুলি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ৰ  শিক্ষকে দিনত দুবাৰকৈ পাঠদান কৰি অহাৰ কথা জানিব পৰা গৈছে।

চৰকাৰী সময়মতে পুৱা ৮-৪৫ বজাৰ পৰা পাঠদান আৰম্ভ কৰি সময়মতে ছুটী দিয়ে৷ ছুটী দিয়াৰ পাছত ছাত্ৰ-ছাত্ৰী ঘৰলৈ গৈ আকৌ উভতি আহে বিদ্যালয়লৈ৷ পুনৰাই বিয়লি ৫ বজালৈ পাঠদান চলে বিদ্যালয়খনত৷ বিদ্যালয়খনত এজনেই মাত্ৰ শিক্ষক৷ এজন শিক্ষকেই দিনত দুবাৰকৈ পাঠদান কৰি আহিছে। 

অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়খনৰ শিক্ষকগৰাকীয়ে ৰাজ্যৰ আন-আন চৰকাৰী বিদ্যালয়ৰ দৰেই বেতন লাভ কৰে যদিও এই গৰাকী শিক্ষক ব্যতিক্ৰম৷ তেওঁ দিনত দুবাৰকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে৷ যিটো সময়ত শিক্ষকে পাঠদান নকৰি ৰাজনীতি-ব্যৱসায়ত ব্যস্ত থাকি ল'ৰা-ছোৱালীৰ মূৰ খাই আহিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে ঠিক তেনে সময়তে এই বিদ্যালয়খনত দিনত দুবাৰকৈ পাঠদান কৰে শিক্ষকগৰাকীয়ে৷ 

নৱ গঠিত বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বেদেতিগুৰী প্ৰাথমিক বিদ্যালয়ত প্ৰতিদিনে দুবাৰকৈ চলে পাঠদান কাৰ্য৷ বিহালীৰ বৰাজুলি গাঁৱৰ শিক্ষক বিশ্বজিৎ ৰয়ে যোৱা এবছৰে দিনত দুবাৰকৈ পাঠদান কৰি আহিছে ছাত্ৰ-ছাত্ৰীক৷ 

ভিতৰুৱা অঞ্চলটোৰ প্ৰাথমিক বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ পৰিকল্পনাৰে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে শিক্ষকগৰাকীয়ে৷ টেট শিক্ষক বিশ্বজিৎ ৰয়ে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি বিদ্যালয়খনত দুবাৰকৈ পাঠদান কৰি শিক্ষাৰ্থীসকলক অধ্যয়নৰ লগতে নৃত্য-গীত, সাংস্কৃতিক শিক্ষা দিয়াৰো চেষ্টা চলাই আহিছে৷ 

এই গৰাকী শিক্ষকে যোৱা ব’হাগ বিহুত ছাত্ৰ-ছাত্ৰীক বিহু নৃত্য শিকাই ঘৰে-ঘৰে হুঁচৰি গাই লাভ কৰা ধনেৰে বিদ্যালয়ত বিদ্যুৎ সংযোগ কৰে৷ বিদ্যালয়ৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলক ফুলৰ বাগিছা নিৰ্মাণ কৰি নিজ দায়িত্ব পালন কৰিবলৈ শিকাই ছাত্ৰ-ছাত্ৰীক৷ যিটো সময়ত একাংশ শিক্ষক তথা চৰকাৰী কৰ্মচাৰীয়ে কৰ্তব্যত গাফিলতি কৰি আহিছে তেনে সময়ত এগৰাকী নবীন শিক্ষকে সূচাৰুৰূপে নিজৰ দায়িত্ব পালন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷