ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় দল বিজেপি আঞ্চলিক দল অগপ আৰু বিপিএফে বিধান সভা নিৰ্বাচনৰ পূৰ্বে কৈছিল বৰ বৰ কথা৷ কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত কলে আন এটা কথা৷ বাংলাদেশী খেদাৰ হুংকাৰ দি থলুৱাৰ ভোট লৈ গাদী দখল কৰাৰ পিছত পাভলুটি মাৰিছে আঞ্চলিক দল অগপকে ধৰি চৰকাৰত থকা দল সমূহে৷ এতিয়া বাংলাদেশী আনিবৰ বাবে উঠিপৰি লাগিছে অসমৰ আৱেগৰ সৈতে খেলা কৰা দল কেইটাই৷
এই বিড়ম্বনা অসমীয়াৰ আজিৰ নহয়৷ দেশ স্বাধীন হোৱাৰ পৰাই এই বিড়ম্বনাৰ মাজেৰে জীয়াই আছে অসমীয়া জাতি৷ দিল্লী দিছপুৰৰ প্ৰতি খন চৰকাৰে অসমক স্বাধীনতাৰ পিছৰে ৰামঠগন দি আহিছে৷ এইবাৰো জাতি, মাটি, ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা বিজেপি, অগপ, বিপিএফ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংশোধন কৰি বাংলাদেশৰ পৰা হিন্দু নাগৰিক আনি অসমত বহুৱাব খুজিছে৷