79
চামগুৰিঃ চামগুৰিৰ বৰমাবিলত মংগলবাৰে সংঘটিত হয় এক নৃসংশ হত্যাকাণ্ড। বৰমাবিলৰ এটা পৰিয়ালৰ মঞ্জিলা খাতুন নামৰ এগৰাকী মহিলাৰ মৃতদেহ মহিলাগৰাকীৰ পৰিয়ালৰ লোকে আহি উদ্ধাৰ কৰে স্বামী গৃহৰ সমীপত।
দুটিকৈ সন্তানৰ মাতৃ মঞ্জিলা খাটুনক অকথ্য নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে স্বামী ওৱাইদুল্লাৰ বিৰুদ্ধে। ইফালে দীৰ্ঘদিন ধৰি চলি অহা পাৰিবাৰিক কন্দলৰ বাবেই এই ৰহস্যজনক হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই।