ষড়াণন বৰা, চামগুৰিঃ চৰকাৰী বিদ্যালয়ত পাঠদানৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ দ্ৰুতপাঠ হিচাপে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন পৰিষদৰদ্বাৰা সদ্য প্ৰকাশিত “বৈচিত্ৰময় অসম” নামৰ পাঠ্যপুথিখনৰ এটা প্ৰবন্ধক কেন্দ্ৰ কৰি সম্প্ৰতি জাঙুৰ খাই উঠিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা।
ইয়াকে লৈ নগাঁৱৰ চামগুৰিৰ উদমাৰিত শনিবাৰে বিয়লি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদী কাৰ্যসূচী। অঞ্চলটোৰ শতাধিক চাহ শ্ৰমিক, মহিলা, নেতা-কৰ্মী ওলাই আহি অঞ্চলটোৰ ৰাজপথত অসম সাহিত্য সভাৰ বিষয়ববীয়া তথা সাহিত্যিক সুশীল কুৰ্মীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ।