চামগুৰিঃ নগাঁৱৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ ভেৰভেৰীত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

চলচলীৰপৰা গোমোঠাগাঁৱলৈ গৈ থকা এখন ছুইফ্ট ডিয়াজাৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে থকা দোকানত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। 

স্থানীয় ৰাইজে দুৰ্ঘটনাটোৰ ফলত একপ্ৰকাৰ চূৰ্ণ-বিচূৰ্ণ হৈ পৰা গাড়ীখনৰ দৰ্জা কুঠাৰেৰে কাটি উলিয়ায় আহত চালকজনক। পাছত ততাতৈয়াকৈ গুৰুতৰভাৱে আহত হোৱা চালক গোমোঠাগাঁৱৰ ৰুবু শইকীয়াক সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আনহাতে ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ ভয়ংকৰ অৱস্থাত থকা বাহনখন বিভিন্ন কৌশল অৱলম্বন কৰি উদ্ধাৰ কৰে।