58
ষড়ানন বৰা, চামগুৰিঃ শুকুৰবাৰে চামগুৰিত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাক চোকা সমালোচনাৰে তুচ্ছ-তাচ্ছিল্য কৰিলে ধিঙৰ বিধায়ক আমিনুল ইছলামে।
এনআৰচি প্ৰক্ৰিয়াত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি বিধায়কজনে কয় যে একাংশই যড়যন্ত্ৰমূলকভাৱে ভুৱা পৰিচয়ে এনআৰচিত আপত্তি দাখিল কৰি ৰাজ্যৰ বহু সংখ্যক লোকক, পৰিয়ালক অযথা হাৰাশাস্তি কৰি সমগ্ৰ এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াটো বিলম্ব কৰাৰ অপচেষ্টা চলাইছে।