চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ভৰাগুৰি অঞ্চলত বৃহস্পতিবাৰে দুটাকৈ শোকাৱহ ঘটনাই জোকাৰি গ’ল। বৃহস্পতিবাৰে পুৱাই ভৰাগুৰিৰ পামগাঁৱৰ এটা পুখুৰীত বুধবাৰৰপৰা সন্ধানহীন হৈ থকা গনেশ মুড়া নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে বৃহস্পতিবাৰে দুপৰীয়া ভৰাগুৰি অঞ্চলত দ্বিতীয়টো শোকাৱহ ঘটনা সংঘটিত হয়৷
ভৰাগুৰিৰ এঘৰৰ বাৰিৰ পিছফালৰ এটা পুখুৰীত পৰি এগৰাকী বৃদ্ধাৰ সলিল সমাধি ঘটে৷ দুপৰীয়া ভাগত সংঘটিত হোৱা শোকাৱহ ঘটনাটোত মৃত্যু হোৱা বৃদ্ধা গৰাকী স্থানীয় গহীতি চাংমাই বুলি ইতিমধ্য পৰিয়ালৰ লোকে চিনাক্ত কৰিছে। পাছত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷