72
ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামত ১৯৯৬ চনত প্ৰতিষ্ঠা লাভ কৰা পুৰণিগুদাম বিদ্যানিকেতনে বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।ই
ইয়াৰেই ফলশ্ৰুতিত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এই বিদ্যালয়ৰ দুজনকৈ ছাত্ৰই ৰাজ্যৰ ভিতৰতে সপ্তম আৰু দশম স্থান দখল কৰি পুৰণিগুদামৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।