58
ষড়ানন বৰা,চামগুৰিঃ ক্ৰমাৎ অধিক অৱনতি ঘটিছে চামগুৰি লাওখোৱাৰ বান পৰিস্থিতি। মহাবাহু ব্ৰহ্মপুত্ৰ উফন্দি উঠাৰ ফলত দুদিন ধৰি জলমগ্ন হৈ পৰিছে চামগুৰিৰ লাওখোৱাৰ প্ৰায় সমূহ ৰাজহ গাঁও।
ভয়াৱহ বানপানীৰ কবলত পৰি ইতিমধ্য সম্পূৰ্ণৰূপে সংযোগ বিচিন্ন হৈ পৰিছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য লৈ যোৱা পকী পথটো চিঙি পেলোৱাৰ ফলতেই এতিয়া সংযোগ বিচিন্ন হৈ পৰিছে অভয়াৰণ্যখনৰ৷