71
ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত পুৰণিগুদামত বুধবাৰে দুপৰীয়া বিদ্যুৎস্পৃষ্ট হৈ এটি পশুধনৰ মৃত্যু হয়৷
জানিব পৰা মতে, পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সমীপত বিগত বহু দিন ধৰি উন্মুক্ত অৱস্থাত থকা এটা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰত বিদ্যুৎস্পৃষ্ট হৈ বিষয়াচুকৰ দণ্ডী শইকীয়াৰ গাভিনী গাইজনীৰ মৃত্যু হয়৷