চামগুৰিঃ যিমানেই ভৰ বাৰিষা কাষ চাপি আহিছে সিমানেই লুইতৰ পাৰত বিপদ ঘণ্টা বাজিছে নগাঁও চহৰকে ধৰি নৈপৰীয়া বৃহত্তৰ অঞ্চলৰ। কাৰণ চামগুৰিৰ লাওঁখোৱা-ভূৰবন্ধাকে ধৰি নগাঁও চহৰ পৰ্য্যন্ত ৰক্ষা কৱচ স্বৰূপ এটা মথাউৰি নতুনকৈ মেৰামতি কৰাৰ পিছতো ইয়াৰ জৰাজীৰ্ণ অৱস্থাই নিতৌ তাকে সোঁৱৰাই আহিছে চামগুৰিৰ ভূৰবন্ধাবাসীৰ লগতে কলিয়াবৰ সমষ্টিৰ বৰঘূলিৰ নৈপৰীয়া ৰাইজক।
উল্লেখ্য যে, বান বিধ্বস্ত এটা অঞ্চল হিচাপে চিহ্নিত চামগুৰিৰ লাওঁখোৱা, ভুৰবন্ধা, ভগামুখৰ লগতে কলিয়াবৰৰ বৰঘুলি পৰ্য্যন্ত বৃহত্তৰ অঞ্চলটো। বছৰ বছৰ ধৰি এই অঞ্চলৰ ৰাইজ সৰ্বস্বান্ত হৈ আহিছে লুইতৰ প্ৰৱল বান গৰাখহনীয়াৰ বাবে। সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে সম্প্ৰচাৰ হোৱা ২০১৭ চনৰ প্ৰলয়ংকাৰী বান, গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্বান্ত হোৱা বহু ভুক্তভোগী দৰিদ্ৰ পৰিয়াল এতিয়াও বসবাস কৰি আছে লাওঁখোৱাৰ মথাউৰিৰ ওপৰত অস্বাস্থ্যকৰ পৰিবেশত।