ষড়ানন বৰা, চামগুৰিঃ নগাঁৱৰ চামগুৰিৰ বিভিন্ন স্থানত এতিয়া গা কৰি উঠিছে অপৰাধী চক্ৰ। চামগুৰিৰ কাঠালগুৰিত বৃহস্পতিবাৰে নিশা সংঘটিত এক ভয়ংকৰ ডকাইতি-কাণ্ডক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।
চামগুৰিৰ কঠালগুৰিৰ ঝাৰুগাঁৱত মাজনিশা দুটাকৈ পৰিয়ালৰ ঘৰত এটা ডকাইতৰ দলে প্ৰৱেশ কৰি লুটিলে লক্ষাধিক টকাসহ ম’বাইলৰ লগতে বিভিন্ন সা-সম্পত্তি। প্ৰথম অৱস্থাত হাতে হাতে পিষ্টল লৈ প্ৰৱেশ কৰা প্ৰায় সাতজনীয়া ডকাইতৰ দলটোৱে এহাল দৰিদ্ৰ বৃদ্ধ দম্পতিক ঘৰৰ ভিতৰতে বান্ধি থৈ লুটি নিলে প্ৰায় তিনি হাজাৰ টকাসহ দুটাকৈ ম’বাইল ফোন।