ষড়ানন বৰা, চামগুৰিঃ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ চৰকাৰৰ উপেক্ষিত এটা বৃহত্তৰ অঞ্চল। পুনৰাই অঞ্চলটোত আৰম্ভ হোৱা প্ৰৱল গৰাখহনীয়াৰ বাবে এতিয়া সমূলঞ্চে নিশ্চিহ্ন হোৱাৰ উপক্ৰম ঘটিছে একমাত্ৰ গাঁওখন। হাহাকাৰ লাগিছে গাঁওখনত ৰৈ যোৱা শেষৰকেইটা পৰিয়ালৰ লোকৰ মাজত।
গাঁওখন আন কোনো নহয়, শোণিতপুৰ জিলাৰ অন্তৰ্গত তথা চামগুৰিৰ নিকটৱৰ্ত্তী বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰক্ষাকবচ স্বৰূপ অন্তিমখন গাঁও ধনীয়াগাঁও। ২০১২ চনৰপৰা আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ক্ৰমশ ২০১৮ চনত বৃদ্ধি পাই ভয়াৱহ ৰূপ ধৰণ কৰাত বুঢ়াচাপৰি অঞ্চলৰপৰা নিঃশেষ হৈ গ’ল শিশুআটি, ঝাৰণিকৈ আদি কৰি দুখনকৈ সৰু-বৰ গাঁও, নিশ্চিহ্ন হৈ গ’ল বহুবোৰ চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, সৰ্বস্বান্ত হ’ল প্ৰায় সহস্ৰাধিক পৰিয়াল।