চামগুৰিঃ সফলতাৰ ধাৰা অক্ষুণ্ন ৰাখিবলৈ সক্ষম হ’ল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়। ১০০ শতাংশ উৰ্ত্তীণৰে শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিজয়ৰ ধাৰা অক্ষুণ্ন ৰাখিলে বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ে। কালি ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷
এই পৰীক্ষাৰ ফলাফলত উজ্বলিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰপৰা মুঠ দুগৰাকী ছাত্ৰ-ছাত্ৰী অবতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয়খনৰ ছাত্ৰ জয়ন্ত বৰাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে। আনহাতে, বিদ্যালয়খনৰ ছাত্ৰী মমিতা বিশ্বাস উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত।