চামগুৰিঃ নগাঁও জিলাৰ শালনাত শনিবাৰে নিশা বন্যহস্তীৰ উপদ্ৰৱৰ ফলত বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈছে সমগ্ৰ অঞ্চলবাসী। নিকটৱৰ্ত্তী কাৰ্বি পাহাৰৰপৰা নামি অহা এটা বন্যহস্তীয়ে সমগ্ৰ অঞ্চলটোতে তাণ্ডৱৰ সৃষ্টি কৰাৰ পাছত লণ্ড-ভণ্ড কৰিলে শালনা বজাৰৰ সমীপৰ মাইনু মল্লিক নামৰ লোকজনৰ এটা বাসগৃহ।

বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ঘৰখনৰ বহুসংখ্যক সা-সম্পত্তি বিনষ্ট হোৱাৰ উপৰিও কথমপিহে প্ৰাণ ৰক্ষা পৰিল পৰিয়ালটোৰ লোকসকল। ইফালে নিশা কেইবাবাৰো সহায় বিচৰাৰ পাছতো পুৱা পৰ্যন্ত বন বিভাগৰ এজনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিলে ভুক্তভোগি পৰিয়ালটোৱে।

ইয়াকে কেন্দ্ৰ কৰি ঘটনাস্থলিৰপৰা মাত্ৰ কেইশমান মিটাৰ দুৰত্বতে থকা শালনা আঞ্চলিক বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে।