চামগুৰিঃ ৰাজ্যত এতিয়া দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত। সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে প্ৰতিবছৰে চামগুৰি আৰু পুৰণিগুদামৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱে সাধাৰণ ৰাইজক দুৰ্ভোগ ভোগাই আহিছে। 

মঙ্গলবাৰে পুৱতি নিশাও চামগুৰিৰ ব্ৰহ্মচাৰী আৰু বৰঙাতলিত বন্যহস্তীয়ে চলালে তীব্ৰ উপদ্ৰৱ। চামগুৰি ব্ৰহ্মচাৰীগাঁৱত বন্যহস্তীটোৱে প্ৰৱেশ কৰি এঘৰ লোকৰ ভড়াল ঘৰৰ লগতে এখন ব্যৱসায় প্ৰতিষ্ঠানো ভাঙি লণ্ড-ভণ্ড কৰে। বৰ্তমানেও নিশা তীব্ৰ উপদ্ৰৱ চলোৱা বন্যহস্তীটো চামগুৰি ব্ৰহ্মচাৰীৰ সমীপৰে এখন ঘন জংঘলত অৱস্থান কৰি আছে। 

ইফালে, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰপৰা ওলাই অহা বুলি সন্দেহ কৰা বন্যহস্তীটোৱে বৰঙাতলিৰ হেমাৰবড়িৰ ভদ্ৰেশ্বৰ কাকতি নামৰ এজন লোকক নিশা আক্ৰমণ কৰাত লোকজনক ততাতৈয়াকৈ নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। আনহাতে, বন্যহস্তীৰ সন্ত্ৰাসজৰ্জৰ অঞ্চল বুলি পৰিচিত চামগুৰি আৰু পুৰণিগুদামত এইবছৰ বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে নগাঁও জিলা বন বিভাগে কি ব্যৱস্থা গ্ৰহন কৰে সেয়াহে লক্ষ্যণীয় হ’ব।