52
ষড়ানন বৰা,চামগুৰিঃ নগাঁৱৰ গোমোঠা গাঁৱত সোমবাৰে সন্ধিয়া এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন দ্ৰুতবেগী ডাম্পাৰে এখন টেম্পুৰপৰা নামিব বিচৰা এজন লোকক মহতিয়াই নিয়াৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।
দূৰ্ঘটনাটোৰ ফলত নগাঁৱৰপৰা চামগুৰি দিশে আহি থকা এ এছ ০২ ই-৮৫৩৬ নম্বৰৰ টেম্পুখনৰ এজন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে আন এজন যাত্ৰী গুৰুতৰভাৱে আহত হয়।