ষড়ানন বৰা, চামগুৰিঃ লোকসভা নিৰ্বাচনত সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীৰপৰা অৱতীৰ্ণ হোৱা শুকুৰ আলীৰ এইবাৰ টাৰ্গেট হ'ল নগাঁও জিলাৰ চামগুৰি সমষ্টি৷ চিনেমাৰ দৃশ্যগ্ৰহণৰ স্থান চাবলৈ চামগুৰিলৈ আহি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পণ ল'লে শুকুৰ আলীয়ে৷ চামগুৰিত ধুবুৰীৰ শুকুৰ আলী হঠাৎ উপস্থিত হোৱাকলৈ সম্প্ৰতি চামগুৰি সমষ্টিৰ লাওখোৱাৰ নৈপৰীয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি হৈছে৷ 

জনপ্ৰিয়তা অৰ্জন কৰিবৰ বাবে এইবাৰ শুকুৰৰ মন অভিনেতা হোৱা, চিনেমা কৰাৰ। বাংলাদেশৰ প্ৰখ্যাত অভিনেতা আলমৰ দৰে অভিনয় কৰাৰ মন শুকুৰৰ। ইফালে, চিনেমাৰ নামো ঠিক কৰি পেলালে শুকুৰ আলীয়ে, চিনেমাৰ নাম হ'ব "জীৱন এলবাম, গৰীবৰ বন্ধু"। য'ত মুখ্য চৰিত্ৰত থাকিব শুকুৰ নিজে লগত থাকিব সহ-অভিনেতা, ভিলেইন আৰু ছয়-সাত গৰাকীকৈ অভিনেত্ৰী। 

মাত্ৰ এসপ্তাহ পিছতেই থিক হ'বলগীয়া চিনেমাখনৰ বাবে দৃশ্যগ্ৰহণৰ বাবে সুন্দৰ লোকেচন বিচাৰি ফুৰিছে। এই লোকেচন চাবৰ বাবেই শুকুৰ হেনো ওলালহি নগাঁৱৰ চামগুৰিত, চালে কে'বাটাও নৈপৰীয়া অঞ্চল। অৱশ্যে চামগুৰিৰ নৈপৰীয়া বৃহত্তৰ লাওখোৱা অঞ্চলৰ ৰাইজে বছৰ-বছৰ ধৰি বান-গৰাখহনীয়া ফলত ভাৰাক্ৰান্ত হৈ ভোগ কৰি থকা দুৰৱস্থাৰ ছবিখন দেখি শুকুৰৰ মন একেবাৰে ভাঙি পৰিল।

এফালে অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ ভয়ানক বান-গৰাখহনীয়া, আনফালে, ৰাইজৰ দুৰ্বৃসহ জীৱন-যাপনৰ মাজত বোলছবিখনৰ দৃশ্যগ্ৰহণ কৰিব পৰা নাযাব বুলি অৱশেষত শুকুৰ আলীয়ে জনাই দিলে৷ তাৰ পৰিৱৰ্তে চৰকাৰ-প্ৰশাসনক তথা সংশ্লিষ্ট জলসম্পদ বিভাগক চামগুৰিৰ নৈপৰীয়া ৰাইজৰ দুখ-দুৰ্গতিৰ বিষয়ে প্ৰকৃতপক্ষে অনুধাৱন কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনালে বহুবল্কী নেতা শুকুৰ আলীয়ে। শুকুৰে লগতে কয়, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে অভিনয় কৰি আছে৷ আগন্তুক বিধানসভা নিৰ্বাচনত শুকুৰে চামগুৰি সমষ্টিৰপৰা নিৰ্বাচন খেলিব বুলি সাংবাদিকক জানিবলৈ দিয়ে৷