ষড়ানন বৰা, চামগুৰিঃ লোকসভা নিৰ্বাচনত সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ধুবুৰীৰপৰা অৱতীৰ্ণ হোৱা শুকুৰ আলীৰ এইবাৰ টাৰ্গেট হ’ল নগাঁও জিলাৰ চামগুৰি সমষ্টি৷ চিনেমাৰ দৃশ্যগ্ৰহণৰ স্থান চাবলৈ চামগুৰিলৈ আহি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পণ ল’লে শুকুৰ আলীয়ে৷ চামগুৰিত ধুবুৰীৰ শুকুৰ আলী হঠাৎ উপস্থিত হোৱাকলৈ সম্প্ৰতি চামগুৰি সমষ্টিৰ লাওখোৱাৰ নৈপৰীয়া বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি হৈছে৷
জনপ্ৰিয়তা অৰ্জন কৰিবৰ বাবে এইবাৰ শুকুৰৰ মন অভিনেতা হোৱা, চিনেমা কৰাৰ। বাংলাদেশৰ প্ৰখ্যাত অভিনেতা আলমৰ দৰে অভিনয় কৰাৰ মন শুকুৰৰ। ইফালে, চিনেমাৰ নামো ঠিক কৰি পেলালে শুকুৰ আলীয়ে, চিনেমাৰ নাম হ’ব “জীৱন এলবাম, গৰীবৰ বন্ধু”। য’ত মুখ্য চৰিত্ৰত থাকিব শুকুৰ নিজে লগত থাকিব সহ-অভিনেতা, ভিলেইন আৰু ছয়-সাত গৰাকীকৈ অভিনেত্ৰী।