135
ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই শনিবাৰে এডাল ৰজা ফেটি সাপ উদ্ধাৰ কৰে।
জীয়াজুৰি চাহ বাগানত কৰ্মচাৰী সকলে কাম কৰি থকা অৱস্থাত বৃহৎ আকৃতিৰ সাপডাল দেখি হুৱা-দুৱা লগায়। পাছত ঘটনাৰ খবৰ পাই প্ৰায় ১৪ ফুট দৈৰ্ঘ্যৰ সাপ ডাল প্ৰকৃতিপ্ৰেমী গৰাকীয়ে সাহসীকতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷