ষড়ানন বৰা,চামগুৰিঃ অপৰিৱৰ্ত্তিত চামগুৰিৰ বান পৰিস্থিতি। চামগুৰিৰ লাওঁখোৱাৰ সমীপৱৰ্তী তথা শোণিতপুৰ জিলাৰ অন্তৰ্গত বুঢ়াচাপৰিৰ বন্যপ্ৰাণী অভয়াৰণ্যখনৰ লগতে নিকটৱৰ্তী বুঢ়াচাপৰি ধনীয়া গাঁৱতো ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে চূড়ান্ত প্ৰলয়ৰ।
বাৰিষাৰ প্ৰথমটো প্ৰলয়ংকাৰী বানে ভাবুকি কঢ়িয়াই আনিছে অভয়াৰণ্য আৰু জনাঞ্চল দুয়োলৈকে। এফালে ব্ৰহ্মপুত্ৰৰ বানে প্লাবিত কৰিছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বিস্তীৰ্ণ এলেকা। বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ অহা একমাত্ৰ পকী পথটোও বৃহস্পতিবাৰে বিয়লি ছিঙি নিয়া সমান্তৰালভাৱে মাত্ৰ দুটাকৈ বন শিবিৰৰ বাহিৰে অভয়াৰণ্যখনৰ প্ৰায় দহটাকৈ বন শিবিৰ সম্প্ৰতি বাঢ়নী পানীৰ তলত।