ষড়ানন বৰা, চামগুৰিঃ সমগ্ৰ ৰাজ্যত লগতে চামগুৰি লাওখোৱাত সৃষ্টি হৈছে ভয়ংকৰ বান। চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪ নং ভগামুখৰ ৰাইজ এতিয়া সম্পূৰ্ণৰূপে পৰিছে বানৰ কবলত। ৪ নং ভগামুখত থকা ২ নং ভগামুখ প্ৰাথমিক বিদ্যালয়খন বানৰ কবলত পৰাৰ লগতে ভগামুখৰ ৩০০০ ৰো অধিক লোক এতিয়া জলমগ্ন হৈ পৰিছে। 

মহাবাহু ব্ৰহ্মপুত্ৰ ফেনে ফোটোকাৰে বাঢ়ি অহাৰ ফলতেই সৃষ্টি হৈছে এই ভয়ংকৰ বান পৰিস্থিতি৷ দুদিন ধৰি চামগুৰিৰ ভগামুখত বান পৰিস্থিতি অব্যাহত আছে যদিও বৰ্তমান পৰ্যন্ত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ নিচেই কাষৰীয়া অঞ্চলটোত উপস্থিত হোৱা নাই জলসম্পদ বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী।

ইয়াৰ ফলত সম্পূৰ্ণৰূপে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত এতিয়া জীৱন যাপন কৰিবলগীয়া হৈছে স্থানীয় গঞাই। আনহাতে, নাঁৱৰে একাংশ লোকে নিৰাপদস্থানলৈ আতঁৰি গৈছে।