ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন স্থানত ব্যাপক হাৰত চলি থকা বন ধ্বংসযজ্ঞৰ সময়তে বৃহস্পতিবাৰে বিয়লি কাঠপাৰাত বন বিভাগে চলায় এক বৃহৎ অভিযান।

বন বিভাগৰ লোকে অভিযান কালত এটা অবৈধ কাঠ ফলা মেচিন জব্দ কৰাৰ লগতে দুই লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠো জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে নগাঁও সদৰ আৰু শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী, বনসুৰক্ষা বাহিনী আৰু চামগুৰি আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানৰ সময়ত পলাই সাৰিবলৈ সক্ষম হয় আলাউদ্দিন নামৰ অসাধু ব্যৱসায়ী তথা কাঠ মিলৰ গৰাকীজন। 

ইফালে দীৰ্ঘদিন ধৰি কাঠপাৰা অঞ্চলৰ কেইবা ঠাইতো একাংশ অসাধু লোকে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল বিগত সময়ত। অৱশ্যে পূৰ্বেও বন বিভাগে অভিযান চলাই অঞ্চলটোৰপৰা কেইবাটাও কাঠ ফলা মিল উৎখাত কৰিবলৈ সক্ষম হয় যদিও ৰহস্যজনকভাৱে পুনৰ অঞ্চলটোত গা কৰি উঠে অবৈধ কাঠফলা মিলসমূহে।

উল্লেখ্য যে, বৃহস্পতিবাৰে বন বিভাগে চলোৱা অভিযানত জব্দ হোৱা কাঠখিনি বৰ্তমান আমবাগান আৰক্ষীৰ জিম্মাত ৰখা হৈছে বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে।