ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম চলচলি জলাহ গাঁৱৰ ড: ৰাজেন্দ্ৰ পুথিভঁৰালৰ ব্যৱস্থাপনাত বৃহস্পতিবাৰে ৰাভা দিৱস অনুষ্ঠিত হৈ যায়। এই উপলক্ষে ৬০৯ নং জলাহৰচুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে সমাজসেৱক অৰুণ শইকীয়াই।
সভাত বিশিষ্ট অতিথি হিচাপে নগাঁও সদৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামী, বনপালক ক্ৰমে সম্পূৰ্ণা দাস বৰা, প্ৰভাত বৰা, প্ৰণৱ বৰা আৰু প্ৰভাত বৰুৱা উপস্থিত থাকে। সভাত বিদ্যালয়খনৰ বহু কেইগৰাকী কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিষ্ণু ৰাভাৰ বিষয়ে বক্তৃতা আগবঢ়োৱাৰ লগতে ৰাভা সংগীত পৰিবেশন কৰে।