চামগুৰিঃ “মানৱ সেৱাই ঈশ্বৰ সেৱা” বাণী সৰোগত কৰি ৰাম নৱমীৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ পুৰণিগুদাম ভীমৰগাঁওস্থিত শ্ৰী শিৰডী সাই বাবা মন্দিৰ প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূচীৰে এটি ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়৷
সাই বাবা সেৱা ন্যাস, নগাঁৱৰ উদ্যোগত আৰু দিব্যাংগসকলৰ পুনৰ নিৰ্বাসন কেন্দ্ৰ “বধিৰ বিদ্যা মন্দিৰ”ৰ ব্যৱস্থাপনাত তথা ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, নগাঁৱৰ ৰক্ত ভঁৰালৰ সহযোগত অনুষ্ঠিত হোৱা উক্ত ৰক্তদান শিবিৰত আজি তেৰ গৰাকী বিভিন্ন বয়সৰ পুৰুষ-মহিলাই অংশগ্ৰহণ কৰি স্বেচ্ছামূলক ভাৱে ৰক্তদান কৰা পৰিলক্ষিত হয়৷